Posts

আঘোণক আদৰো আহা

Image

অকমাণি ছোৱালী মই (১১/১০/২০২৬) অসমীয়া খবৰ মৌ বনত প্ৰকাশিত

Image

শেৱালি( 18/10/2026) অসমীয়া খবৰ কাকতত প্ৰকাশিত

Image

কাতি মাহ॥ অসমীয়া খবৰ॥ মৌ বন॥ 25/10/2026

Image

বনভোজ ।Assamese Children poem by Deepika Das

বনভোজ ভাল লাগে ঠাণ্ডাৰ দিনত একেলগে যাওঁ আমি মা - দেউতা, ভাই - ভনীৰ লগত। বালিৰ চৰত বহি আমি বনভোজ খাওঁ  হাঁহি -ধেমালি কৰি আমি কত যে ৰং পাওঁ। নাচ -গান কৰি  লাগে যে বৰ মজা নতুন ঠাই নতুন বস্তু শিকো যে বহু কথা। পঢ়া - শুনা , কামৰ পৰা লওঁ বিৰতি বনভোজ খাবলৈ  হওঁ যে আজৰি। This is an original Assamese children centric poem written by Assamese poet Deepika Das.

নানা খেল নানা মজা - Assamese poem by Deepika Das

চেংগুটি খেলোঁ আমি চেং পৰে পিছলি। লুদুগুটি খেলি আমি নপৰোঁ যে ভাগৰি। লুকা-ভাকু খেলোঁ আমি, খেলোঁ কইনা-দৰা। হাইগুদু, কাবাডী খেলি লাগে যে বৰ মজা। ৰছী টনা খেল খেলি পৰি যাওঁ উফৰি, তথাপি নাহাৰোঁ আমি দিওঁ গাৰ বল-শক্তি। দুই বান্ধৱীৰ তিনি ভৰি লাগে যে বিজুতি। পাৰ-পানী খেলোঁ আমি মন দি শুনি। চকীত বহা খেল খেলোঁ সংগীত শুনি শুনি। এইদৰে নানা খেল খেলি আমি কৰোঁ যে বহু ৰং-ধেমালি। This is an original Assamese children centric poem written by Assamese poet Deepika Das.