Posts

Showing posts from January, 2026

অনুকাৰযুক্ত শব্দ - Assamese poem by Deepika Das

মইনাই দুৱাৰ খোলে  কেৰ-কেৰ কৰে,  মেঘে গাজে গিৰ-গিৰ  ভয়তে ঢাপলি মেলে| টপ-টপ নিয়ৰ সৰে    শীতৰ আগমনি,   হাত ভৰি ঠেটুৱা লাগে    শিৰ-শিৰ কঁপনি| কা-কা কৰি কাউৰীয়ে    ৰমলিয়াই ফুৰে,  ঢক-ঢক কৈ বগা হ'বলৈ    গাখীৰ বিচাৰি ফুৰে| টং-টং ঘণ্টাৰ মাত    বিদ্যালয়ত বাজে,  ঢং-ঢং কৈ নামঘৰত    বৰকাঁহে মাতে|   চিপ-চিপ কৈ বৰষুণ পৰি    পিছল আলি বাট  টোৰ-টোৰ কৈ ভেকুলীয়ে  খালত লগাই মাত। This is an original Assamese children centric poem by Assamese poet Deepika Das.