Posts

Showing posts from February, 2026

বনভোজ ।Assamese Children poem by Deepika Das

বনভোজ ভাল লাগে ঠাণ্ডাৰ দিনত একেলগে যাওঁ আমি মা - দেউতা, ভাই - ভনীৰ লগত। বালিৰ চৰত বহি আমি বনভোজ খাওঁ  হাঁহি -ধেমালি কৰি আমি কত যে ৰং পাওঁ। নাচ -গান কৰি  লাগে যে বৰ মজা নতুন ঠাই নতুন বস্তু শিকো যে বহু কথা। পঢ়া - শুনা , কামৰ পৰা লওঁ বিৰতি বনভোজ খাবলৈ  হওঁ যে আজৰি। This is an original Assamese children centric poem written by Assamese poet Deepika Das.

নানা খেল নানা মজা - Assamese poem by Deepika Das

চেংগুটি খেলোঁ আমি চেং পৰে পিছলি। লুদুগুটি খেলি আমি নপৰোঁ যে ভাগৰি। লুকা-ভাকু খেলোঁ আমি, খেলোঁ কইনা-দৰা। হাইগুদু, কাবাডী খেলি লাগে যে বৰ মজা। ৰছী টনা খেল খেলি পৰি যাওঁ উফৰি, তথাপি নাহাৰোঁ আমি দিওঁ গাৰ বল-শক্তি। দুই বান্ধৱীৰ তিনি ভৰি লাগে যে বিজুতি। পাৰ-পানী খেলোঁ আমি মন দি শুনি। চকীত বহা খেল খেলোঁ সংগীত শুনি শুনি। এইদৰে নানা খেল খেলি আমি কৰোঁ যে বহু ৰং-ধেমালি। This is an original Assamese children centric poem written by Assamese poet Deepika Das.

কাকিনি তামোল আৰু অভিযন্তা চৰাই ।Assamese poem by Deepika Das

কাকিনি তামোলৰ ডালত ৰঙীন পুৱাৰ হাঁহি, সেউজ পাতৰ আঁৰত লুকাই আছে সপোনৰ কাহিনী। গোলাপী মুখত শিশিৰৰ চুম্বন, মাটিৰ সোঁৱৰণেৰে গঢ়া জীৱনৰ সোঁৱৰণ। ডালৰ পৰা ডাললৈ উৰি আহে এজন সৰু অভিযন্তা চৰাই, ঠোঁটৰ আঁচুৰে গঢ়ে সপোনৰ আলয় প্ৰকৃতিৰ বুকুত এক নীৰৱ কাৰিকৰ তাই। পাত, খেৰ, সূতা জোৰে জোৰে মিলাই মাপে বতাহ, মাপে ৰ’দ, কাকিনি তামোলৰ ছাঁত বহি অংকন কৰে নিৰাপত্তাৰ গড়। মানুহে শিকে কিতাপ খুলি, তাই শিকে মাটিৰ পাঠশালাত শ্ৰম, ধৈৰ্য, বুদ্ধিৰে গঢ়া ঘৰ সৰু হলেও মহৎ চিন্তা। কাকিনি তামোলে চুপচাপ চাই থাকে, চৰাইজনীৰ সপোন গঢ়াৰ খেলা— প্ৰকৃতিয়ে শিকাই দিয়ে আমাক জীৱনো এক অভিযান্ত্ৰিক মেলা। This is an original Assamese children centric poem written by Assamese poet Deepika Das.

আহাৰৰ বতৰ - Assamese Children poem written by Deepika Das.

আহাৰ মাহত বৰষুণৰ কোবত নামে নিজৰাৰ ঢল কুলু কুলু কৰি গীত গাই গাই আহি পাই সমতল গুম গুম শুনো আকাশত মেঘৰ মাদলৰ ধ্বনি দুৰু দুৰুকৈ ভয়তে কঁপে অকণিৰ হিয়াখনি ছিটিক ছিটিক বিজুলী মাৰে আকাশ যায় ফাটি ঝৰ ঝৰ কৈ বৰষুণ পৰি উটুৱাই নিয়ে মাটি বৰষুণৰ লগত কেতিয়াবা ৰ'দে উকি মাৰে তাকে দেখি ঘৰচিৰিকাই উলাহতে গীত জোৰে ঢল আহে ধৰণিলৈ খলকনি তুলি যায় পথাৰে -পথাৰে চহৰে -নগৰে ঝিৰি ঝিৰি সুৰ গায় জীয়া ঢল পাই নদীৰ বুকুত মাছে উজান পাতে তাকে দেখি দদাইদেৱে নদীত জাল মাৰে জালত লাগে নানা মাছ পুঠি গৰৈ কাৱৈ আহাৰ মাহত উজানৰ দিনত ভৰি পৰে দদাইৰ খালৈ। This is an original Assamese children centric poem written by Assamese poet Deepika Das.