আহাৰৰ বতৰ - Assamese Children poem written by Deepika Das.

আহাৰ মাহত বৰষুণৰ কোবত
নামে নিজৰাৰ ঢল
কুলু কুলু কৰি গীত গাই গাই
আহি পাই সমতল

গুম গুম শুনো আকাশত
মেঘৰ মাদলৰ ধ্বনি
দুৰু দুৰুকৈ ভয়তে কঁপে
অকণিৰ হিয়াখনি

ছিটিক ছিটিক বিজুলী মাৰে
আকাশ যায় ফাটি
ঝৰ ঝৰ কৈ বৰষুণ পৰি
উটুৱাই নিয়ে মাটি

বৰষুণৰ লগত কেতিয়াবা
ৰ'দে উকি মাৰে
তাকে দেখি ঘৰচিৰিকাই
উলাহতে গীত জোৰে

ঢল আহে ধৰণিলৈ
খলকনি তুলি যায়
পথাৰে -পথাৰে চহৰে -নগৰে
ঝিৰি ঝিৰি সুৰ গায়

জীয়া ঢল পাই নদীৰ বুকুত
মাছে উজান পাতে
তাকে দেখি দদাইদেৱে
নদীত জাল মাৰে

জালত লাগে নানা মাছ
পুঠি গৰৈ কাৱৈ
আহাৰ মাহত উজানৰ দিনত
ভৰি পৰে দদাইৰ খালৈ।


This is an original Assamese children centric poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

অনুকাৰযুক্ত শব্দ - Assamese poem by Deepika Das

কাকিনি তামোল আৰু অভিযন্তা চৰাই ।Assamese poem by Deepika Das