অনুকাৰযুক্ত শব্দ - Assamese poem by Deepika Das

মইনাই দুৱাৰ খোলে 
কেৰ-কেৰ কৰে, 
মেঘে গাজে গিৰ-গিৰ 
ভয়তে ঢাপলি মেলে|

টপ-টপ নিয়ৰ সৰে
   শীতৰ আগমনি,
  হাত ভৰি ঠেটুৱা লাগে
   শিৰ-শিৰ কঁপনি|

কা-কা কৰি কাউৰীয়ে
   ৰমলিয়াই ফুৰে, 
ঢক-ঢক কৈ বগা হ'বলৈ
   গাখীৰ বিচাৰি ফুৰে|

টং-টং ঘণ্টাৰ মাত
   বিদ্যালয়ত বাজে, 
ঢং-ঢং কৈ নামঘৰত
   বৰকাঁহে মাতে|
  চিপ-চিপ কৈ বৰষুণ পৰি
   পিছল আলি বাট 
টোৰ-টোৰ কৈ ভেকুলীয়ে 
খালত লগাই মাত।

This is an original Assamese children centric poem by Assamese poet Deepika Das.

Comments

Popular posts from this blog

আহাৰৰ বতৰ - Assamese Children poem written by Deepika Das.

কাকিনি তামোল আৰু অভিযন্তা চৰাই ।Assamese poem by Deepika Das