কাকিনি তামোল আৰু অভিযন্তা চৰাই ।Assamese poem by Deepika Das


কাকিনি তামোলৰ ডালত ৰঙীন পুৱাৰ হাঁহি,
সেউজ পাতৰ আঁৰত লুকাই আছে সপোনৰ কাহিনী।
গোলাপী মুখত শিশিৰৰ চুম্বন,
মাটিৰ সোঁৱৰণেৰে গঢ়া জীৱনৰ সোঁৱৰণ।

ডালৰ পৰা ডাললৈ উৰি আহে
এজন সৰু অভিযন্তা চৰাই,
ঠোঁটৰ আঁচুৰে গঢ়ে সপোনৰ আলয়
প্ৰকৃতিৰ বুকুত এক নীৰৱ কাৰিকৰ তাই।

পাত, খেৰ, সূতা জোৰে জোৰে মিলাই
মাপে বতাহ, মাপে ৰ’দ,
কাকিনি তামোলৰ ছাঁত বহি
অংকন কৰে নিৰাপত্তাৰ গড়।

মানুহে শিকে কিতাপ খুলি,
তাই শিকে মাটিৰ পাঠশালাত
শ্ৰম, ধৈৰ্য, বুদ্ধিৰে গঢ়া ঘৰ
সৰু হলেও মহৎ চিন্তা।

কাকিনি তামোলে চুপচাপ চাই থাকে,
চৰাইজনীৰ সপোন গঢ়াৰ খেলা—
প্ৰকৃতিয়ে শিকাই দিয়ে আমাক
জীৱনো এক অভিযান্ত্ৰিক মেলা।

This is an original Assamese children centric poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

অনুকাৰযুক্ত শব্দ - Assamese poem by Deepika Das

আহাৰৰ বতৰ - Assamese Children poem written by Deepika Das.