বনভোজ ।Assamese Children poem by Deepika Das

বনভোজ ভাল লাগে
ঠাণ্ডাৰ দিনত
একেলগে যাওঁ আমি
মা - দেউতা, ভাই - ভনীৰ লগত।

বালিৰ চৰত বহি আমি
বনভোজ খাওঁ 
হাঁহি -ধেমালি কৰি আমি
কত যে ৰং পাওঁ।

নাচ -গান কৰি 
লাগে যে বৰ মজা
নতুন ঠাই নতুন বস্তু
শিকো যে বহু কথা।

পঢ়া - শুনা , কামৰ পৰা
লওঁ বিৰতি
বনভোজ খাবলৈ 
হওঁ যে আজৰি।

This is an original Assamese children centric poem written by Assamese poet Deepika Das.

Comments

Popular posts from this blog

অনুকাৰযুক্ত শব্দ - Assamese poem by Deepika Das

আহাৰৰ বতৰ - Assamese Children poem written by Deepika Das.

কাকিনি তামোল আৰু অভিযন্তা চৰাই ।Assamese poem by Deepika Das