নানা খেল নানা মজা - Assamese poem by Deepika Das
চেংগুটি খেলোঁ আমি
চেং পৰে পিছলি।
লুদুগুটি খেলি আমি
নপৰোঁ যে ভাগৰি।
লুকা-ভাকু খেলোঁ আমি,
খেলোঁ কইনা-দৰা।
হাইগুদু, কাবাডী খেলি
লাগে যে বৰ মজা।
ৰছী টনা খেল খেলি
পৰি যাওঁ উফৰি,
তথাপি নাহাৰোঁ আমি
দিওঁ গাৰ বল-শক্তি।
দুই বান্ধৱীৰ তিনি ভৰি
লাগে যে বিজুতি।
পাৰ-পানী খেলোঁ আমি
মন দি শুনি।
চকীত বহা খেল খেলোঁ
সংগীত শুনি শুনি।
এইদৰে নানা খেল খেলি আমি
কৰোঁ যে বহু ৰং-ধেমালি।
This is an original Assamese children centric poem written by Assamese poet Deepika Das.
Comments
Post a Comment